Thursday, February 22, 2024

সোণালী শৈশৱৰ মোৰ গাওঁ খনি

 

 
আমাৰ গাঁওখনলৈ যোৱা বাট দুটা l এটা পকা আৰু এটা  কেঁচা l পকী বাটেৰে যদি যোৱা হয় তেন্তে মাজতে এখন গাঁও এৰিহে আমাৰ গাঁও l আৰু কেঁচা  আলিটোৰে গ'লে ডাইৰেক্ট মোৰ গাঁওখন l মই গাঁৱলৈ সদায় সেই কেঁচা আলিয়েদিহে যাওঁ l আঁকোৱা পকোৱা এটা ৰাস্তা l ৰাস্তাৰ  দুয়ো কাষে বগৰীৰ গছ l নাতি দূৰৈত নীলা পাহাৰখনি l বিশাল ধাননি পথাৰ l কাষেদি বৈ গৈছে পাহাৰৰ পৰা ওলোৱা এটা জুৰি, যাক আমি কাছজান বুলি মাতো l সেই বাটেৰে গাড়ী প্ৰায় চলাচল নকৰে কাৰণে সদায় ৰাস্তা টো ঘাঁহনিৰে সেউজীয়া হৈ থাকে l এই ৰাস্তাটোকে সকলোৱে বঙিয়া  বুলি মাতে l  "বঙিয়া " শব্দটিৰ অৰ্থ কোনেও আগতে সঠিক ভাৱে দিব পৰা নাছিল, যদিও  পিছত গম পালো যে বঙিয়া  মানে হৈছে খেতি বাতিৰ সুবিধাৰ্থে ৰাইজে নিৰ্মাণ কৰি লোৱা এটা ওখ ঢাপ, ইংৰাজীত যাক embankment বুলি কোৱা হয় l

 

বৰ বৈচিত্ৰময় আমাৰ গাঁওখনি। প্ৰায় ৪০ ঘৰ আৰু ১৫০ ৰো অধিক লোকে বসবাস কৰে। এখন পুৰণি গাঁও। ১৮শ খৃষ্টাব্দৰ শেষৰফালে স্থাপিত হৈছিল বেতবাৰী শ্যাম গাঁওখন। এটা PWD ৰাস্তাই গাঁওখনি দুভাগ কৰিছে। মাজেদি পাৰ হৈ যোৱা ৰাস্তাটোৰে গ'লে বৰ্তমান মৰিয়নি হৈ একেবাৰে নাগালেণ্ডৰ মককছুং পাবগৈ  পাৰি। বহু বছৰলৈকে বাটটো কেঁচা হৈয়ে আছিল। নতুনকৈ অহা চৰকাৰখনেহে পকীকৰণৰ বাবে  ব্যৱস্থা হাতত লৈছে । বঙিয়া ৰাস্তাটো কিন্তু এতিয়াও কেঁচা।সেউজীয়া ঘাঁহেৰে ভৰি থকা I হয়তো সেয়েহে মোৰ সেই বাটেৰে আহি ভাল লাগে। স্মৃতিবোৰ  সজীৱ হৈ উঠে। ল'ৰালি কালটো  বঙিয়াতে পাৰ কৰিছিলো  । শৈশৱৰ ধেমালিবোৰ, ঠাণ্ডা দিনত বালিয়া  বগৰী খাবলৈ যোৱা মাদকতাবোৰ, বৰ ভাল লগা আছিল। বাৰিষাত মাজে মাজে  গৰু বাগালৰ লগত গৰু চৰাই ফুৰাৰ কথাও বঙিয়াৰে গ'লে মনলৈ আহে। ৰাস্তাটো সুন্দৰ আৰু মনোৰম কৰি তুলিছে ইয়াৰ দুয়োকাষে থকা শাৰী শাৰী সৰু বৰ বগৰী গছবোৰে, আৰু পাহাৰৰ পৰা সৃষ্টি হোৱা গাতে লাগি বৈ থকা কাছজানখনে। অহৰহভাৱে কাছজানখন বঙিয়াৰ সমান্তৰাল ভাৱে বৈ আহিছে। শিলনী নদীখন কাছজানৰ পৰা বৈ অহা বিভিন্ন বগা কলা ৰঙৰ শিলেৰে ভৰি থকাৰ বাবে তাৰ পানীৰ ৰংটো অলপ বেলেগ l গৰু বাগালবোৰে সদায় বঙিয়াতে গৰু চৰাইছিল যাতে গৰুবোৰে কাছজানৰ পানী খাব পাৰে আৰু সিহঁতৰ মন গলে কাছজানত গা ও ধুব পাৰে l

 

বঙিয়াৰ কাষতে দুজোপা ডাঙৰ গছ আছিল l এজোপা ভোমোৰা আৰু আন জোপা টেটেলি গছ। দুয়োজোপা বৰ ওখ, আকাশলঙ্খী  গছ। বহুতে সেই গছত বুঢ়া ডাঙৰীয়া থাকে বুলিও কৈছিল l সৰুতে সেই ভোমোৰা আৰু টেটেলি কেইজোপাত শগুণ আৰু বৰটোকোলা জাতীয় ডাঙৰ চৰাই প্ৰায়েই বহি থকা দেখিবলৈ পাইছিলো। সুৰেন চিকাৰীয়ে সেই গছত বহি থকা ডাঙৰ ডাঙৰ হাইঠা চৰাই  তাৰ খাজা বন্দুকেৰে চিকাৰ কৰা আমাৰ মনত আছে। এবাৰ আমাৰ গাঁৱৰ বুঢ়ী এজনী টেটেলিৰ তলেদি যাওঁতে এজন বগাকাপোৰ পৰিধান কৰা বুঢ়া মানুহ দেখা পাইছিল। ভয়ত বুঢ়ীৰ আয়ুস পৰি বহুত দিন নৰিয়াত পৰি আছিল। শেষত ভলং পণ্ডিতৰ ওচৰত মঙল চাই খন্দনি কৰিহে  বুঢ়ী নৰিয়াৰপৰা উঠিব পৰা হৈছিল।

 

এই ভোমোৰা আৰু তেতেলি গছ দুজোপাৰ কাষতে সৰু সৰু গছেৰে ভৰা এখন জাৰণি l জাৰণি ডৰাৰ গছবোৰ এজন মানুহৰ উচ্চতাৰ সমান, সৰু,‌ কিন্তু বৰ ঘন l এই জাৰণি খনত আগতে বহুবাৰ নাহৰফুটুকী বাঘে গাঁৱৰ গৰু মাৰিছিল l এবাৰ তেনেকৈ এৰা গাঁৱৰ জাৰণি খনলৈ খৰি আনিবলৈ যোৱা এজন যুৱকৰ নাহৰফুটুকী বাঘৰ লগত মুখা মুখি যুঁজ হোৱাৰ কথা শুনা আমাৰ মনত আছে l সুন্দৰ সুঠাম, স্বাস্থ্যবান লৰা হোৱাৰ হেতুকে সি তাৰ কুঠাৰ খনেৰে বাঘটোক ঘপিয়াই মাৰিবলৈ সক্ষম হৈছিল l নানা কাহিনীৰে ভৰা সেই জাৰণি খন এতিয়া অবশ্যে আগৰ দৰে ঘন হৈ থকা নাই l

 

জাৰণি খনৰ  দক্ষিণে য'ত শেষ হৈছে তাৰ পৰা এখন বহল সাৰুৱা পথাৰ  সৃষ্টি হৈছে l একেবাৰে নগা পাহাৰত লাগিছেগৈ l নীলা পাহাৰখনৰ তলতে পথাৰখন l আৰু পথাৰৰ মাজতে বেতবাৰী শ্যাম গাঁওখন l অতি মনোমোহা দৃশ্যৰে ভৰা আমাৰ গাওঁ খনি l আঘোণ পুহ মাহত বেছি ধুনীয়া হৈ উঠে  l বিশেষকৈ জাৰকালিৰ আমাৰ গাঁৱৰ সূৰ্য্যোদয় সঁচাকৈ চাবলগীয়া l কুঁৱলীৰ ফেঁহুজালি ভাঙি পাহাৰেদি ওলাই আহে বেলিটো l সোনালী পথাৰখনি পুৱাৰ বেলিৰ পোহৰত ৰাঙলী হৈ উঠে l ৰদৰ পোহৰত পথাৰৰ নৰাৰ আগলিত ওলমি থকা নিয়ঁৰৰ টোপালবোৰ জিকমিকাই উঠে l জাৰ গুচাবলৈ আইতাহঁতে বুকুচাত কেঁচুৱা লৈ আলিয়েদি ৰদ পুৱাবলৈ ওলাই আহে l কাহিলি পুৱাতে ঘাঁহ কাটিবলৈ ওলাই যোৱা গৰখীয়া কেইটাই সাঙী ভৰাই সেউজীয়া ঘাঁহ আনে l সিহঁতবোৰে পিন্ধি থকা গৰম কাপোৰবোৰ নিয়ৰৰ টোপাল লাগি সম্পুৰ্ণকৈ ভিজি যায় l  জহকালি আকৌ মধুপুৰ গাঁৱৰ গোটেই পথাৰখন এখন সেউজীয়া দলিচালৈ পৰিণত হয় l ধানেৰে উপচি পৰা সেউজীয়া পথাৰবোৰৰ ওপৰেদি বগলী চৰাইবোৰ উৰি ফূৰে l ওচৰৰ নগা পাহাৰত গোটেই দিন চৰি, গধূলি জাকে জাকে ঘূৰি অহা ভাটৌৰ জাকবোৰে আকাশত এক অপূৰ্ব  দৃশ্যৰ সৃষ্টি কৰে ...

প্ৰকৃতিৰ এনে অনুপম দৃশ্যৰে ভৰা, সহজ সৰল গাৱঁলীয়া চহা জীৱনৰ বাসভূমি, এয়ে আমাৰ গাওঁ খনি I

 

আমাৰ গাঁৱৰ প্ৰায় সকলো মানুহেই ধান বিক্ৰী কৰিছিল, যদিও  ৫০ শতাংশ ঘৰতে চৰকাৰী চাকৰিয়াল এজন 'লেও আছিল। তিতাবৰ চাউলৰ এনেও বহুত নাম আছে। খুব ভাল ধান উৎপাদন হৈছিল আমাৰ খেতিপথাৰ বোৰত।

 

আমাৰ ঘৰত দুটা ডাঙৰ ডাঙৰ ভড়াল আছিল। শ্যাম মানুহৰ ভড়াল ঘৰবোৰ ওখ l মাটিৰ ভেটিৰ পৰা প্রায় সাত ফুট মান ওখ হয়। খুটাবোৰ পকী হয়, নহলে উৰিয়াম গছ বা চাম গছৰ ডাঙৰ কোণ্ডা খুটা হিচাপে ব্যবহাৰ কৰা হয়। আঘোণ মাহত ধান কটাৰ সময়ত দুয়োটা ভড়াল সম্পূর্ণ ধানেৰে ভৰি থকাৰ উপৰিও ভড়ালৰ তলতো  ধান ʼবলগীয়া হৈছিল বৰ ভাল লগা মনোৰম এটা পৰিৱেশ। চাৰিওফালে পকা ধানৰ গোন্ধে ভৰি পৰে l পথাৰৰ পৰা ঘৰলৈ সাধাৰণতে গৰু গাড়ীৰে ধান অনা হয় যদিও, আমাৰ শাওণা দদাই আৰু চেগা দদাইহঁতে কান্ধতো দাঙৰী কঢ়িয়াইছিল। দদাইহঁতে যেতিয়া পথাৰৰ পৰা ধানৰ দাঙৰীবোৰ কঢ়িয়াই আনে , সিহঁতৰ খোজৰ এক নিৰ্দিষ্ট গতি আৰু ভঙ্গিমা থাকে যেন সংগীতৰ তাল হে সিহঁতৰ খোজবোৰ l ডাঙৰীবোৰৰ মুঠি বোৰেও  তালে তালে নাচিব ধৰে l মুঠিবোৰৰ নাচোনৰ পৰা বৰ ভাল লগা এটি  সুৰৰো সৃষ্টি হয়... এটি ভাল লগা আৰু কেতিয়াও পাহৰিব নোৱাৰা সুৰ l সিহঁতৰ গাৰ পৰা এটা বিশেষ ধৰণৰ গোন্ধ ওলাইছিল। শ্ৰমৰ গোন্ধ।  মাটিৰ গোন্ধ। শস্যৰ গোন্ধ।

সেই গোন্ধৰ প্ৰতি এটা অদ্ভুত আকৰ্ষণ অনুভব কৰিছিলোঁ।  এতিয়াও লাগি থাকে সেই গোন্ধটো নাকত।

 

শ্যাম মানুহৰ ভড়ালত গুটি ধান নাৰাখে। মুঠি ধানহে  ৰাখে। গতিকে যেতিয়া প্ৰয়োজন হয় তেতিয়াহে ধানৰ মৰণা মাৰিছিল। ভড়ালবোৰৰ গাধৈত (Floor) এটা ডেৰ ফুট ব্যাসার্ধৰ ফুটা ৰাখে। মুঠিবোৰৰ বান্ধ বোৰ কাটি তললৈ মৰণা মৰাৰ সময়ত পেলাই দিয়ে আৰু গৰুয়ে মৰণা মাৰে।

    

ফাগুন ' মাহত গাঁৱত পানীৰ খুব অভাব হয়।  পুখুৰী বোৰতো পানী একেবাৰে কমি যায়। জন স্বাস্থ্য কাৰিকৰি বিভাগৰ ছাৰ্ভে মতে সেই অঞ্চলত ভূ গৰ্ভৰ কম গভীৰতাতেই খুব বেছি পৰিমাণৰ শিল পোৱা যায় l সেই বাবে দমকল বহালেও পানী নোলাইছিল l তেতিয়া গাঁও খনত মাত্ৰ এটাহে ৰাজহুৱা দমকল আছিল l যদিও বৰ্তমান ডিপ টিউবৱেল বৰিং কৰি ৰাইজ কিছু সফল হৈছে।

 

যেতিয়া পানীৰ অভাৱ হয়, গাঁৱৰ মানুহে গাঁৱৰ কাষতে থকা নগা পাহাৰৰ পৰা ওলোৱা কাছ জান খন ভেটা মাৰিছিল এটা ভেটা মাৰি পথাৰৰ মাজে মাজে নলা কাটি পানী গাঁৱলৈ বুলাই আনিছিল আচৰিত কথা যে, পানীবোৰ আহি গাঁওখনত থকা খালবোৰত সোমায় আৰু পিছদিনা গাঁৱৰ সকলোৰে ঘৰৰ পুখুৰীবোৰ পৰিষ্কাৰ পানীৰে ভৰি পৰে

  

ঠিক তেনেকুৱা এটা দিনৰ কথা। গাঁৱৰ ৰাইজে পুখুৰী বোৰত পানী কমি যোৱাৰ কাৰণে কাছজান খন ভেটা মাৰিবলৈ সিদ্ধান্ত ʼলে কাছজান ভেটা মৰাৰ কথা ওলালেই গাঁৱত এটা উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় l মহিলা সকলে ৰাজহুৱা ভাৱে ভেটা মৰা মানুহবোৰৰ বাবে ভাত ৰান্ধিছিল l টোপোলা ভাত l মাটি দাইল l  এখন ভাজি l লগতে পোৰা জলকীয়া, মান ধনিয়া, পিয়াঁজৰ খুন্দনাত খুন্দি কৰা পিটিকা l অলপ শুকান খৰিছাও দিয়ে পিটিকা খনত l অতি সোৱাদ হয় এই পিটিকা খন খাবলৈ l সাধাৰণতে এনেকুৱা ধৰণৰ ব্যঞ্জন শ্যাম মানুহৰ গাঁৱতহে পোৱা  যায় l সেইদিনা গাঁৱৰ 'ৰা ছোৱালীবোৰৰ মনবোৰো স্ফূর্তিৰে ভৰি পৰে। ঠিক তেনেকৈ এটা দেওবাৰে কাছজান ভেটা মাৰিবলৈ ৰাইজে থিৰ কৰিলে l দেওবাৰ l স্কুলো বন্ধ। ময়ো বৰ উত্তেজিত হৈ আছিলো। দেউতাই মোক ভেটা মৰা চাব যাবলৈ অনুমতি দিছিল। কিন্তু মায়ে ভাত খাই যাবলৈ কোৱাৰ বাবে মই ভাত নোখোৱাকৈ যাব বিচৰা নাছিলো। ভাত ʼলত নাকে মুখে কোনোমতে কেইটামান গুজি ততাতৈয়াকৈ নদীৰ ফালে ঢাপলি মেলিলো।

 

সেইকেইদিনত এটা উৰা বাতৰিয়ে মানুহক বৰকৈ ভীতিগ্ৰস্থ কৰিছিল। মুৰা কটা (সোপাধৰা) ওলাইছিল। মুৰাকটাই হেনো পিঠিত এটা ডাঙৰ বস্তা লৈ ঘুৰি ফুৰে আৰু কণকণ 'ৰা ছোৱালীক বস্তাত ভৰাই লৈ যায়। এই মুৰা কটাই মোকো বাৰুকৈ ভয় খোৱাইছিল। মনত অহৰহ এটা ভয় ভাৱ সোমাই আছিল। দেৰি হৈছে বুলি ভাবি দৌৰি দৌৰি কাছজান পালোগৈ l গৈ দেখো যে  কাছজানত কোনো নাই। তাত গাঁৱৰ কোনো মানুহেই নাছিল l ওচৰত মাত্ৰ দুটামান গৰুৱে পানী খাই আছিল l  আৰু কাষৰ বগৰী জোপাত কানৰিকা চৰাইবোৰে খুব চিঞৰ বাখৰ কৰি আছিল lমোৰ খুব ভয় লাগিব ধৰিলে। মুৰা কটাৰ কথা মনলৈ আহিল। যদিহে এতিয়া মুৰা কটা ওলাই মই কি কৰিম। কথা এষাৰ আছে নহয়, 'তে বাঘৰ ভয়, তাতে ৰাতি হয়। কি কৰো কি নকৰো বুলি ভাবি থাকোতেই অলপ দূৰৈত এটা ʼলামʼলা মানুহে কান্ধত ডাঙৰ বস্তা লৈ মোৰ ফালে আহি থকা দেখিলো। মোৰ ভয়ত টেঁটু শুকাই গল। দিকবিদিক হেৰুৱাই মই পথাৰৰ মাজে মাজে গাঁৱৰ ফালে চেকুৰিব ধৰিলো। পথাৰৰ আলিত পিছলি এবাৰমান পৰিলোঁও।পিছলৈ ঘুৰি চোৱা নাই আৰু মই।  ফোঁপাই ফোঁপাই আহি কোনোমতে পৰাগ দা হঁতৰ বাৰী পালোহি। তাৰ পৰাহে মই পিছলৈ ঘুৰি চালোঁ l চাওঁতে দেখিলোঁ যে, মই দেখা কলা ৰঙৰ মানুহটো আন কোনো নহয় আমাৰ গাঁৱলৈ আহি থকা ধান বেপাৰী কলিয়াহে পিছত গম পাওঁ যে সি ওচৰৰ কানখোৱা গাঁৱত ধান ভৰাবলৈ  বস্তা কেইটামান কান্ধত তুলি লৈ গৈ আছিল। তাৰ গৰু গাড়ীখন অলপ দূৰত বঙীয়াৰ ওচৰতে থকা জিতু ককাইদেউহঁতৰ বাঁহ জোপাৰ ছাঁতে ৰাখি তাৰ মণিপুৰীয়া গৰু হালক পানী খুৱাইছিল। সেয়েহে সি খোজ কাঢ়ি কানখোৱা  গাঁৱৰ ৰমেশ ককাইদেউৰ ঘৰত তেনেকৈ বস্তাবোৰ দিবলৈ গৈছিল। কলিয়াক দেখিহে মোৰ জীৱটো ঘুৰি আহিল। ইমান ভয় কাহানিও খোৱা নাছিলোঁ। 

     

কলিয়া বুলি কওঁতে আৰু কিছুমান কথা মনলৈ আহে। কলিয়াৰ গাৰ বৰণটো সঁচাকৈ বৰ ʼলা আছিল। হয়তো সি অনবৰতে 'দতে ঘূৰি তাৰ গৰু গাড়ীখন চলায় বাবে। সি সদায় তাৰ ধূতি খন আঠুৰ ওপৰত পিন্ধিছিল l আৰু ওপৰত প্ৰায় সি তাৰ বনিয়ন চোলাতো পিন্ধিয়েই ঘুৰিছিল l তাৰ গৰু গাড়ী খন বৰ চকুত লগা আছিল। চৈ দিয়া গৰু গাড়ী। চৈ খনৰ পৰা এটা লণ্ঠণ ওলমি থাকে l আগত দুটা প্ৰকাণ্ড মণিপুৰীয়া গৰু। কজলা  ৰঙৰ। সি সদায় আমাৰ গাওঁবোৰৰ পৰা ধান কিনি লৈ তিতাবৰৰ মিলত বিক্রি কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তাৰ আৰ্থিক অৱস্থা তুলনামূলক ভাৱে যথেষ্ট  তনকিয়ালও আছিল। সি যেতিয়াই আমাৰ গাঁৱলৈ আহে, গাঁৱত কেইটামান ঘটনা পৰিলক্ষিত হয়। সি  বঙীয়া হৈ আমাৰ গাঁৱলৈ আহি থাকোঁতে তাৰ গৰু গাড়ীৰ পিছফালে থকা লাংছিং (এডাল চাৰিফুট  মানৰ ওখ সৰু বাঁহ। গৰু গাড়ী খন যাতে উলাৰ নহয় তাক ৰাখিব কাৰণে ব্যবহাৰ কৰা হয়।) ডালে ৰাস্তাত থকা শিলগুটি বোৰত খুন্দা খাই এটা শব্দৰ সৃষ্টি কৰিছিল। টংটং টিংটিং ধৰণৰ কিছুমান শব্দ। দূৰৈৰ পৰাই শুনা যায়। আৰু এটা ঘটনা হৈছে কলিয়া যিদিনা গাঁৱলৈ আহিব, তাৰ আগদিনা আমাৰ গাঁৱৰ প্ৰায় মানুহবোৰে ভড়ালৰ তলত মৰণা মাৰিছিল কলিয়াই দুদিন মানৰ আগতে গাঁৱৰ মানুহক সি আহিবলগীয়া দিনটোৰ খবৰ জনাইছিল l ঠিক তেনেকৈ গাঁৱৰ ৰাইজেও ধান বিক্ৰী কৰিবৰ বাবে মৰণা মাৰি ধান বস্তাত ভৰাই সাজু কৰি ৰাখিছিল হালোৱাবোৰে যেতিয়া মৰণা মাৰে চাপ চাপ, ওহোঁ ওহোঁ ধৰণৰ কিছুমান শব্দ সিহঁতৰ মুখৰ পৰা ওলাই l এনেকৈ মৰণা মাৰোঁতাৰ মুখৰ পৰা ওলোৱা শব্দই গোটেই গাওঁখনতে এটা মৃদু গুঞ্জণৰ সৃষ্টি কৰিছিল।

 

এতিয়াও গাঁৱলৈ গলে সেই শব্দ বোৰ শুনিবলৈ মনটোয়ে বৰকৈ বিচাৰে l কিন্তু নাপাওঁ ʼতো সেই মিঠা গুঞ্জণ l তাৰ ঠাইত শুনিবলৈ পাওঁ ট্ৰেক্টৰৰ কৰ্কশ শব্দবোৰ l যান্ত্ৰিকতাৰ পয়োভৰ মাথো এতিয়া তাত l

 

আমাৰ পৰিয়াল টোৱে প্ৰায় বিশ পূৰা মাটিত প্ৰতি বছৰে ধান খেতি কৰিছিল l বৰ ভাল ধানৰ খেতি হৈছিল l বিঘাই প্ৰায় বিশৰ পৰা পঁচিশ মোন ধান উৎপাদন হৈছিল l লগতে আমাৰ বাৰীৰ কাষৰ মাটি কেইডৰাত ঠাণ্ডা দিনত সৰিয়হৰ খেতিও কৰিছিল l যথেষ্ট ভাল সৰিয়হৰ খেতি হৈছিল l গোটেই পথাৰখন পুহ মাহত হালধীয়া হৈ পৰিছিল l সৰিয়হ ফুলৰ গোন্ধেৰে চাৰিওফালে আমোলমোলাই থাকিছিল l  মৌ পালনৰ বাবে সৰিয়হ খেতিৰ  মাজে মাজে মৌ মাখি ঘৰ সাজি দিয়া হৈছিল l কৰ্মী মৌ মাখিবোৰে ফুলৰ ৰেণু চুহি চুহি উৰি ফুৰোতে সিহঁতৰ পাখিবোৰৰ পৰা এটা ভাল লগা শব্দৰ সৃষ্টি হৈছিল, চাৰি ও ফালে, যেন এক অৰ্কেষ্ট্ৰাহে l মুঠতে, এক চকু ৰৈ যোৱা, হিয়া শাঁত পৰি যোৱা নান্দনিক পৰিবেশ সৃষ্টি হৈছিল চাৰিওফালে । সৰিয়হ কেইডৰাৰ মাজতে এটা সৰু  টঙী ঘৰ আছিল l খেৰৰ l তাতে এখন বাঁহৰ চাং আছিল l চাংখন মিহি বাঁহৰ চোঁচেৰে গোঁঠা l বহি বৰ আৰাম লাগিছিল l গাঁৱৰ চেঙেলীয়া লৰাবোৰে সেই টঙী ঘৰটোত বহি প্ৰায়ে আড্ডা মাৰিছিল l কেতিয়াবা সিহঁতৰ চিঞৰ বাখৰ শুনি অতিষ্ঠ হৈ ইন্দ্ৰ বৰ দেউতাই লৰাবোৰক পহু খেদা দিছিল l হ'লেও খেদা খোৱাৰ পাছতো সিহঁতবোৰে টঙী ঘৰটোলৈ আহিবলৈ বাদ দিয়া নাছিল l

গাঁৱৰ লৰা ছোৱালীবোৰৰ আন এটা আকৰ্ষণ আছিল সেই ঠাইডোখৰলৈ l সেইটো হৈছে সৰিয়হ খেতিৰ কাষতে থকা বালিয়া বগৰী জোপা l বগৰীবোৰ আগতীয়াকৈ পকে l পকিলে সৰু আপেলটোৰ নিচিনা হয় l বৰ মিঠা l বগৰী খাবলৈ ওচৰৰ  গাঁওখনৰ পৰাও লৰা ছোৱালীবোৰ আহি তাত গোট খাইছিল মাজে মাজে l কেতিয়াবা ইন্দ্ৰ বৰ দেউতাই বগৰী জোপা কাটি পেলাম বুলিও গাঁৱৰ দুই একক কৈছিল যদিও কটা নাছিল l বৰ্তমানেও বগৰী জোপা আছে যদিও আগৰ নিচিনাকৈ বগৰী নালাগে, আৰু খাওঁতাও নাই l